নীৰৱ দিনবোৰ (Silent Days)
মূল: আৰ. কে. লক্ষ্মণ
অনুবাদ: প্ৰিয়ানুজ কলিতা
থিয়েটাৰ ৰয়েলৰ সমুখৰ সেই জনাকীর্ণ আৰু ঠেক পথটিত এটি পাঁচজনীয়া ব্ৰাছ বেণ্ডৰ দলে কিবা এক অস্পষ্ট, কোলাহলময় সুৰৰ লহৰ তুলিছিল। ছাৰ্ট আৰু ধূতি পৰিহিত এজন ব্যক্তিয়ে তেওঁৰ কাষলতিৰ তলত স্কটিছ টাৰ্টান কাপোৰেৰে মেৰিওৱা এটি বেগপাইপ গুজি লৈছিল। তেওঁ ইফালে-সিফালে খোজ কাঢ়ি এক কৰুণ হাইলীণ্ডাৰ সমৰ-সংগীত বজাই গৈছিল। আচৰিত কথাটো হ’ল, এই সকলোবোৰ হাই-উৰুমি আৰু কটা তিয়ঁহ তথা ভজা বাদামৰ সুবাসে আমাৰ বাবে এক অপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰিছিল। আমাৰ গাঁৱত চলি থকা নিৰ্বাক চলচ্চিত্ৰৰ সেই দিনবোৰত এই পৰিৱেশে মনলৈ কঢ়িয়াই আনিছিল ৱাইল্ড ৱেষ্টৰ এক মায়াবী অনুভূতি, য’ত আছিল দুর্দান্ত কাউবয়, গুলীৰ ধোঁৱা আৰু এৰিজোনাৰ ওখোৰা-মোখোৰা পাহাৰীয়া পথেৰে তীব্ৰবেগে ধাবমান হোৱা তেজস্বী ঘোঁৰাৰ দল।
থিয়েটাৰৰ প্ৰৱেশদ্বাৰত এখন কাঠৰ বোৰ্ড আছিল, য’ত ‘ষ্টিলছ’ অৰ্থাৎ স্থিৰ ছবিসমূহ পিন মাৰি লগাই থোৱা হৈছিল। আমি বিমুগ্ধ হৈ সেইবোৰলৈ চাই ৰৈছিলোঁ আৰু কাল্পনিকভাৱে সেই পৰিস্থিতিটো অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলো, য’ত এজোপা গছৰ তলত এজন ব্যক্তিক ফাঁচি দিবলৈ সাজু কৰা হৈছিল অথবা এটা ঘোঁৰাই অতি মৰ্যাদাপূৰ্ণভাৱে এজন আৰোহী আৰু তেওঁৰ প্ৰিয়তমাক লৈ দুটা সুউচ্চ গিৰিশৃংগৰ মাজৰ খালী ঠাইছোৱা জঁপিয়াই পাৰ হৈছিল। ভিতৰলৈ সোমাই যাবলৈ অনুৰোধ কৰা এটা ঘণ্টাৰ শব্দই আমাক পুনৰবাৰ বাস্তৱৰ বুকুলৈ ওভতাই আনিছিল।
ভিতৰত, আমি অতি ধীৰ মৃদু স্বৰত কথা পাতিছিলো আৰু অতি মন্থৰ গতিৰে ইফালে-সিফালে দৃষ্টি নিক্ষেপ কৰিছিলোঁ, যেন আমি উচ্চ শ্ৰেণীৰ লোকসকলৰ মাজত আছো আৰু থিয়েটাৰ ৰয়েলে তেওঁলোকৰ আভিজাত্যৰ পৰা যি শালীনতা আশা কৰে, তাক ভংগ কৰিবলৈ আমি শংকিত হৈ পৰিছিলো।
পৰ্দাখন অৱশ্যে সৰু আছিল, কিন্তু ইয়াৰ সজ্জা আছিল অতি আড়ম্বৰপূৰ্ণ। ইয়াক প্লাষ্টাৰেৰে নিৰ্মিত ডেউকা থকা দেৱদূত আৰু চেৰাব(শিশু দেৱদূত)ৰ এখন বিশাল তোৰণেৰে সজোৱা হৈছিল, যিসকলে সহাস্যবদনে সেই শুভ্ৰ চতূষ্কোণটোক ফুলৰ অঞ্জলি যাঁচি থকা যেন লাগিছিল; য’ত আমাৰ কাউবয়জনে আত্মপ্ৰকাশ মাৰিব।
আমাৰ চৌপাশৰ মানুহৰ কোলাহলৰ মাজতে বহু দূৰত এটা ঘণ্টা বাজি উঠিল। লগে লগে আমাৰ সকলোৰে দৃষ্টি ওপৰৰ বেলকনিটোলৈ গ’ল, যিটো এগৰাকী সম্ভ্ৰান্ত মহিলাৰ ফিটা লগোৱা বুকুৰ দৰে ওফন্দি আছিল। তাত এজন ক্ষীণ, ওখ, দীঘল চুলিৰ মানুহ দেখা গ’ল; তেওঁ ক’লা ‘ব’ টাই’ আৰু টেক্সিডো পিন্ধি আছিল। এক নিস্তব্ধতাই সমগ্ৰ গৃহটো আৱৰি ধৰিলে।
তেওঁ অত্যন্ত মাৰ্জিতভাৱে দৰ্শকক মূৰ দোঁৱাই অভিবাদন জনালে আৰু পিয়ানোৰ আসনত বহিল। লগে লগে, দুৱাৰ-খিৰিকীবোৰ বন্ধ কৰি দিয়া হ’ল, ক’লা পৰ্দাবোৰ টানি দিয়া হ’ল আৰু লাইটবোৰ নুমুৱাই দিয়া হ’ল। তাৰ পিছত বেথ’ফেনৰ পেষ্টৰেলৰ সুৰে গোটেই প্ৰেক্ষাগৃহটো ওপচাই পেলালে, যাৰ ফলত পাণ, বিড়ি আৰু চিগাৰেট বিক্ৰী কৰা হকাৰসকলৰ চিঞৰ-বাখৰবোৰ তল পৰি গ’ল।
অৱশেষত কাউবয়জন পৰ্দাত জিলিকি উঠিল; তেওঁ শিল আৰু কেকটাছেৰে ভৰা খহটা গিৰিপ্ৰদেশৰ মাজেৰে অতি সুন্দৰকৈ ঘোঁৰা চেঁকুৰাই গ’ল। ওপৰৰ বেলকনিৰ পৰা ভাঁহি অহা সুৰৰ সৈতে নিখুঁতভাৱে সংগতি ৰাখি তেওঁ অপূৰ্বভাৱে ঘোঁৰা চলাইছিল। যিদৰেই সেই সংঘাতটো এটা দুঃসাহসিক অভিযানৰ পৰা আন এটালৈ উন্মোচিত হৈছিল, আমিও তাৰ লগে লগে হিংসা, প্ৰতাৰণা, বীৰত্ব আৰু প্ৰেমৰ সেই দৃশ্যবোৰত সম্পূৰ্ণৰূপে বিলীন হৈ পৰিছিলোঁ। পৰ্দাৰ সেই দৃশ্য আৰু আমাৰ ওস্তাদজনৰ দ্বাৰা প্ৰযোজিত সুৰৰ মাজত ইমান সুন্দৰ সামঞ্জস্য আছিল যে আমাৰ বাবে 'দ্য বেড মেন অৱ ব্ৰিমষ্টোন' বোলছবিখন বাস্তৱিকতে ইয়াৰ সময়তকৈ বহুখিনি আগবঢ়া আছিল!
চকুৰ টিপ মাৰিব নোৱাৰা এক উত্তেজনাৰে আমি শ্বাসৰোধ কৰি চাই আছিলো, তেতিয়াই খলনায়কজনে হঠাতে এটা শিলৰ পিছফালৰ পৰা ওলাই আহি কুৎসিত হাঁহি এটা মাৰি তেওঁৰ বন্দুকটো লক্ষ্য কৰি ল’লে; ঠিক সেই সময়তে নিষ্পাপ নায়কজনে গিৰিপথৰ এটা ঠেক বাটেৰে ঘোঁৰা চলাই তললৈ নামি আহিছিল। ঠিক এই মুহূৰ্ততে, পাৰ্শ্ব-সংগীতৰ এক তীব্ৰ উত্তেজনাময় সুৰৰ সৈতে পৰ্দাত এটা ঘোষণা জিলিকি উঠিল: "অহা শুকুৰবাৰে ইয়াৰ দ্বিতীয় খণ্ড চাবলৈ নাপাহৰিব!" তাৰ পিছতেই হঠাত লাইটবোৰ জ্বলি উঠিল, যিটো আমাৰ বাবে অতি যন্ত্ৰণাদায়ক আৰু আশাহত কৰা এক সমাপ্তি আছিল।
ভগ্ন মন এটা লৈ, আমি ‘গড ছেভ দ্য কিং’ ৰাষ্ট্ৰীয় সংগীতৰ সুৰৰ মাজতে থিয়েটাৰ ৰয়েলৰ পৰা লাহে লাহে বাহিৰ ওলাই আহিলো।