হে শাৰদীয় (To Autumn)
_________
মূল: জন কীটছ
অনুবাদ: প্ৰিয়ানুজ কলিতা
কুহেলিকা আৰু সুপক্ব মাধুৰ্যৰ হে ঋতু অনন্য,
প্ৰৌঢ় তপনৰ তুমি হে সখা, পৰম ধন্য;
দুয়ো মিলি ৰচিছা গোপনে এক চক্ৰান্ত মহান,
কেনেকৈ কৰিব পাৰি তৰু-লতিকাক বৈভৱ-দান।
তৃণ-আচ্ছাদিত চালিৰ প্ৰান্ত চুই যোৱা লতিকাৰাশি,
ফলৰ ভৰেৰে দোঁৱাই দিছা, বিলাই সুমধুৰ হাঁহি;
শৈবাল-শ্যামল কুটিৰৰ তৰু সুপক্ব ফলেৰে উপচি পৰে,
কুষ্মাণ্ডক স্ফীত কৰি, বীজকোষক পূৰঠ তিল তিল কৰে।
ন-কুঁহি মেলি উদ্যান কৰা পুষ্পেৰে সুশোভিত,
মধুমক্ষিকাৰ হেতু অনাগত দিন কৰা আচৰিত;
সিহঁতে ভাবিব, অন্তহীন এই তপ্ত মধুৰ দিনৰ মেলা,
নিদাঘে উপচাইছে মধু-কুঠৰী, নাই যে অৱহেলা।
তোমাৰ সেই বৈভৱী ভঁৰালত কোনে দেখা নাই তোমাক?
বহিৰাংগণৰ সন্ধানী চকুৱে বিচাৰি পাব যে তোমাক;
শস্য-মৰ্দনৰ মজিয়াত তুমি বহি আছা অসাৱধানে,
সমীৰণৰ মৃদু হিল্লোলত অলকগুচ্ছ উৰিছে নিজানে নিজানে।
অথবা অৰ্ধ-কৰ্তিত শস্যৰ নলাত তুমি সুপ্ত, অচেতন,
আফুগুটিৰ গাঢ় সৌৰভত বিভোৰ তোমাৰ মন;
অক্ষত ৰাখিছা কাঁচিখনেৰে পৰৱৰ্তী শস্যৰ শাৰী,
মেৰিয়াই থকা পুষ্পদলকো তুমি যোৱা নাই যে এৰি।
কেতিয়াবা তুমি শীহ বুটলিছা সৰল পথিক বেশে,
ভাৰাক্ৰান্ত শিৰ স্থিৰ ৰাখি তটিনী পাৰ হোৱা অৱশেষে;
অথবা সুৰা-নিষ্কাশন যন্ত্ৰৰ কাষত বহি অনিমেষ নেত্ৰে,
নিৰীক্ষণ কৰা অন্তিম টোপালৰ মন্থৰ ক্ষৰণ, প্ৰতি ক্ষণতে।
ক’ত সেই বাসন্তী গীতমালা? হায়, ক’ত সিহঁতৰ সুৰ?
নকৰিবা ভাৱনা সিহঁতৰ বাবে, তোমাৰ সংগীত নহয় দূৰ;
খণ্ডমেঘৰ আঁৰত আৱৰ্তিত হৈ যেতিয়া ম্লান হয় দিন,
অৰুণ আভাৰে সিঁচৰিত পথাৰ হয় ছায়াত বিলীন।
কৰুণ স্বৰেৰে সমবেত কন্ঠে ক্ষুদ্ৰ মধুলিটে কৰে বিলাপ,
নদীৰ তীৰৰ সৰল তৰুৰাজত বাজি উঠে সিহঁতৰ তাপ;
প্ৰভঞ্জনৰ মৃদু সোঁতত সি উৰে উৰ্ধগামী হৈ,
ধীৰে ধীৰে নামি আহে ধৰাৰ বুকুলৈ সমীৰৰ সঁহাৰিটি লৈ।
গিৰিসীমনাৰ তৰুণ মেষবোৰে কৰে উচ্চ-ৰৱ,
তৰু-কোটৰত ঝিলীয়ে গীত জুৰি পাতে নিজৰ উৎসৱ;
উদ্যান-কক্ষৰ পৰা পক্ষীটিয়ে সুহুৰি বজায় ধীৰে,
অম্বৰভেদী কল-কাকলি ৰচে চাতকৰ জাকে।