বৰষুণত এটি মেকুৰী (Cat in the Rain)
মূল : আৰ্নেষ্ট হেমিংৱে
অনুবাদ : প্ৰিয়ানুজ কলিতা
সেই পান্থনিবাসত মাত্ৰ দুজনহে আমেৰিকান যাত্ৰী আছিল। নিজৰ প্ৰকোষ্ঠলৈ অহা-যোৱা কৰাৰ সময়ত লগ পোৱা কোনো এজন ব্যক্তিকো তেওঁলোকে চিনি পোৱা নাছিল। তেওঁলোকৰ জিৰণি-কক্ষটো আছিল দ্বিতীয় মহলাত, যাৰ খিৰিকীৰে সুনীল সাগৰ দৃষ্টিগোচৰ হৈছিল। কেৱল সেয়াই নহয়, তাৰ পৰা ৰাজহুৱা উদ্যানখন আৰু যুদ্ধৰ স্মাৰকস্তম্ভটোও স্পষ্টকৈ দেখা গৈছিল। সেই উদ্যানখনত আছিল বিশালকায় তাল তৰু আৰু শাৰী শাৰী সেউজীয়া আসন। ফৰকাল বতৰত প্ৰায়েই কোনোবা চিত্ৰশিল্পীয়ে ছবি অঁকা কাঠৰ ফ্ৰেমটো লৈ তাত বহিছিল। চিত্ৰকৰসকলে তাল গছবোৰৰ নান্দনিক বৃদ্ধিৰ শৈলী আৰু সাগৰমুখী হোটেলসমূহৰ উজ্জ্বল ৰংবোৰ কেনভাছত ফুটাই তুলি আনন্দ লাভ কৰিছিল। বহুদূৰ দেশৰ পৰা ইটালীয়ান লোকসকল সেই স্মাৰকস্তম্ভটো দৰ্শন কৰিবলৈ আহিছিল। ই ব্ৰঞ্জৰ আছিল আৰু বৰষুণৰ টোপাল পৰি জিলিকি উঠিছিল। মুষলধাৰ বৰষুণ দি আছিল। তাল গছৰ পাতৰ পৰা বৰষুণৰ পানী টোপাটোপে সৰিছিল। শিলগুটি দিয়া পথবোৰত পানী জমা হৈ ক্ষুদ্ৰ জলধাৰাৰ সৃষ্টি হৈছিল। বৰষুণৰ ধূসৰতাৰ মাজতে সাগৰৰ উত্তাল ঢৌবোৰ এটা দীঘল শাৰী হৈ তীৰলৈ বৈ আহিছিল আৰু ক্ষন্তেক পিছতে আকৌ জলধিৰ বুকুত বিলীন হৈ গৈছিল। স্মাৰকস্তম্ভৰ কাষৰ সেই প্ৰাংগণটোত মটৰ গাড়ীবোৰ নথকাত তেনেই নিজম পৰিছিল। বিপৰীত দিশৰ এটি পান-ভোজনালয়ৰ দুৱাৰমুখত এজন পৰিচাৰকে উদাসীনভাৱে সেই জনশূন্য প্ৰাংগটোলৈ চাই থিয় হৈ আছিল।
আমেৰিকান মহিলাগৰাকীয়ে খিৰিকীৰ কাষত থিয় হৈ বাহিৰৰ সেই দৃশ্য প্ৰত্যক্ষ কৰিছিল। বাহিৰত ঠিক তেওঁলোকৰ খিৰিকীখনৰ তলতে, বৰষুণৰ পানী টোপটোপকৈ সৰি থকা এখন হৰিৎ বৰণৰ মেজৰ তলত এটা মেকুৰী কুঁচিমুচি বহি আছিল। বৰষুণৰ প্ৰতিটো টোপালৰ পৰা নিজকে ৰক্ষা কৰিবলৈ জীৱটোৱে নিজৰ শৰীৰটোক অতিশয় সংকুচিত কৰিবলৈ চেষ্টা কৰিছিল।
"মই তললৈ গৈ সেই অসহায় মেকুৰী পোৱালীটো লৈ আনো," আমেৰিকান মহিলাগৰাকীয়ে ক’লে।
"মই আনি দিম," শয্যাৰ পৰাই তেওঁৰ স্বামীয়ে সঁহাৰি জনালে।
"নহয়, মই নিজেই যাম। বেচেৰা মেকুৰী পোৱালীটোৱে মেজখনৰ তলত নিজকে শুকানকৈ ৰাখিবলৈ আপ্রাণ চেষ্টা চলাইছে।"
স্বামীয়ে শয্যাৰ প্ৰান্তত থকা দুটা কোমল গাৰুত আউজি লৈ কিতাপ পঢ়াতেই নিমগ্ন হৈ থাকিল।
"নিজকে ভিজাই নেপেলাবা আকৌ," তেওঁ সঁকিয়াই দিলে।
মহিলাগৰাকী তললৈ নামি গ’ল। তেওঁ যেতিয়া কাৰ্যালয় কক্ষটো অতিক্ৰম কৰিছিল, হোটেলৰ গৰাকীজনে থিয় হৈ তেওঁক মূৰ দোঁৱাই অভিবাদন জনালে। তেওঁৰ মেজখন আছিল কাৰ্যালয়ৰ একেবাৰে শেষৰ প্ৰান্তত। তেওঁ এজন বয়োবৃদ্ধ আৰু ওখ-পাখ ব্যক্তি আছিল।
"ধাৰাষাৰ বৰষুণ," মহিলাগৰাকীয়ে ক’লে। তেওঁ হোটেলৰ গৰাকীজনক অন্তৰেৰে পচন্দ কৰিছিল।
"হয়, হয়, আইদেউ, বতৰটো সঁচাকৈয়ে বৰ দুৰ্যোগপূৰ্ণ।" বৰ্ষণমুখৰ বতৰটো সঁচাকৈয়ে আমনিদায়ক আছিল।
তেওঁ সেই নিস্তব্ধ কোঠাটোৰ শেষৰ মূৰত থকা নিজৰ মেজখনৰ পিছফালে থিয় হৈ আছিল। মহিলাগৰাকীয়ে মানুহজনক পছন্দ কৰিছিল। তেওঁ কৰা যিকোনো সৰু অভিযোগকো হোটেলৰ গৰাকীজনে যি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছিল, সেই কথাই তেওঁক আকৰ্ষিত কৰিছিল। তেওঁ বৃদ্ধজনৰ অপূৰ্ব মৰ্যাদাবোধ আৰু অতিথি-সেৱাৰ মনোভাৱক প্ৰশংসা কৰিছিল। এজন হোটেলৰ গৰাকী হিচাপে তেওঁ নিজৰ কৰ্তব্যক যিদৰে পবিত্ৰ বুলি গণ্য কৰিছিল, সেই কথাই মহিলাগৰাকীৰ মন চুই গৈছিল। তেওঁ বৃদ্ধজনৰ সেই বৃদ্ধ, গধুৰ মুখমণ্ডল আৰু ডাঙৰ হাত দুখন খুব ভাল পাইছিল।
মনত পছন্দৰ ভাব এটা লৈ তেওঁ দুৱাৰখন মেলি বাহিৰৰ পৃথিৱীখনলৈ চালে। বৰষুণৰ বেগ ক্ৰমাৎ বৃদ্ধি পাইছিল। ৰবৰৰ জলৰোধক পোছাক পিন্ধা এজন ব্যক্তিয়ে সেই শূন্য প্ৰাংগণ অতিক্ৰম কৰি ভোজনালয়ৰ ফালে খোজ লৈছিল। মেকুৰীটো সোঁফালে ক’ৰবাত আশ্ৰয় লৈ থাকিব পাৰে। সম্ভৱতঃ তেওঁ চালিৰ তলে তলে গ’লে বৰষুণৰ পৰা বাচিব পাৰিব। তেওঁ দুৱাৰমুখত থিয় হৈ থকাৰ মুহূৰ্ততে পিছফালৰ পৰা এটা ছাতি মেল খাই উঠিল। এইগৰাকী আছিল তেওঁলোকৰ কোঠাটো পৰিষ্কাৰ কৰা পৰিচাৰিকা।
"আপুনি বৰষুণত তিতি যাব নালাগে," ইটালীয়ান ভাষাত কথাষাৰ কৈ তাই মৃদু হাঁহি মাৰিলে। নিশ্চিতভাৱে, হোটেলৰ গৰাকীজনেই তাইক পঠিয়াইছিল।
পৰিচাৰিকাগৰাকীয়ে তেওঁৰ মূৰৰ ওপৰত ছাতিটো ধৰি থাকিল আৰু তেওঁলোকে শিলগুটিৰ পথটোৰে খোজ কাঢ়ি গৈ ঠিক তেওঁলোকৰ খিৰিকীখনৰ তল পালেগৈ। মেজখন তাতেই আছিল, বৰষুণৰ পানীত ধুই সি এক সজীৱ সেউজীয়া ৰূপ ধাৰণ কৰিছিল, কিন্তু মেকুৰীটো তাত নাছিল। হঠাত তেওঁৰ মনটো এক গভীৰ হতাশাই আৱৰি ধৰিলে।
পৰিচাৰিকাগৰাকীয়ে তেওঁৰ মুখলৈ চালে।
"আপোনাৰ কিবা হেৰাল নেকি, আইদেউ?"
"তাত এটা মেকুৰী আছিল," আমেৰিকান মহিলাগৰাকীয়ে ক’লে।
"এটা মেকুৰী?"
"হয়, সেই মেকুৰীটো।"
"এটা মেকুৰী?" পৰিচাৰিকাগৰাকীয়ে আচৰিত হৈ হাঁহিলে। "এই মুষলধাৰ বৰষুণৰ মাজত মেকুৰী?"
"হয়," তেওঁ ব্যাকুল হৈ ক’লে, "সেই মেজখনৰ তলত আছিল।" তাৰ পিছত পুনৰ ক’লে, "অ’, মই ইয়াক পাবলৈ বৰকৈ আশা কৰিছিলোঁ। মই এটা সৰু মেকুৰী পোৱালী বৰকৈ বাঞ্চা কৰিছিলো।"
যেতিয়া তেওঁ ব্যাকুলতাৰে কথাখিনি ক’লে, পৰিচাৰিকাগৰাকীৰ মুখৰ ভাব গহীন হৈ পৰিল।
"আহক, আইদেউ," তাই ক’লে। "আমি ভিতৰলৈ ঘূৰি যোৱাই শ্ৰেয় হ’ব। নহ’লে আপুনি অসুস্থ হৈ পৰিব।"
"হ’ব পাৰে," আমেৰিকান যুৱতীগৰাকীয়ে ভগ্নহৃদয়েৰে ক’লে।
তেওঁলোকে শিলগুটি দিয়া পথটোৰে উভতি আহি প্ৰৱেশ দুৱাৰেদি ভিতৰ সোমাল। পৰিচাৰিকাগৰাকীয়ে ছাতিটো বন্ধ কৰিবলৈ বাহিৰতে ৰ’ল। আমেৰিকান যুৱতীগৰাকীয়ে যেতিয়া কাৰ্যালয়টো পাৰ হৈ গৈছিল, গৰাকীজনে পুনৰ নিজৰ আসনৰ পৰাই পৰম শ্ৰদ্ধাৰে মূৰ দোঁৱাই অভিবাদন জনালে। সেই মুহূৰ্তত তাইৰ নিজকে খুব ক্ষুদ্ৰ অথচ সমান্তৰালভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ যেন লাগিল। এক অনন্য আত্মগৌৰৱৰ অনুভূতিয়ে তাইক স্পৰ্শ কৰিলে। তাই চিৰিয়েদি ওপৰলৈ উঠি গ’ল আৰু কোঠাৰ দুৱাৰখন মেলিলে। স্বামী জৰ্জ তেতিয়াও শয্যাত শায়িত হৈ পঢ়াত মগ্ন আছিল।
"মেকুৰীটো পালা জানো?" কিতাপখন বুকুত থৈ তেওঁ কৌতূহলেৰে সুধিলে।
"নাই, ই অন্তৰ্ধান হ’ল।"
"কোনফালে গ’ল বাৰু," পঢ়াৰ পৰা ক্লান্ত চকুহালক অলপ জিৰণি দি তেওঁ ক’লে।
তাই শয্যাৰ কাষতে বহিল।
"মই ইয়াক বৰ ব্যাকুলতাৰে বিচাৰিছিলোঁ," তাই ক’লে। "মই নাজানো মই কিয় ইয়াক ইমানকৈ বিচাৰিছিলোঁ। মই সেই অসহায় মেকুৰী পোৱালীটো নিজৰ কৰিব বিচাৰিছিলো। এই বৰষুণৰ মাজত বাহিৰত মেকুৰী পোৱালী এটা তিতি থকাটো সঁচাকৈয়ে বৰ যন্ত্ৰণাদায়ক।"
জৰ্জে পুনৰ কিতাপৰ পৃষ্ঠাত চকু ফুৰালে।
তাই লাহেকৈ প্ৰসাধন মেজৰ দাপোণখনৰ সন্মুখলৈ গৈ বহিল আৰু হাত-দাপোণ এখনেৰে নিজৰ মুখখন নিৰীক্ষণ কৰিলে। তাই নিজৰ পাৰ্শ্ব-অবয়বটো সূক্ষ্মভাৱে চালে, প্ৰথমে সোঁফালে আৰু তাৰ পিছত বাওঁফালে। তাৰ পিছত তাই নিজৰ মূৰৰ পিছফাল আৰু মসৃণ ডিঙিটো চালে।
"তুমি ভাবা নেকি যে মই মোৰ চুলিখিনি দীঘল হ’বলৈ দিলে মোক অধিক আকৰ্ষণীয় দেখাব?" নিজৰ প্ৰতিবিম্বলৈ চাই তাই সুধিলে।
জৰ্জে মূৰ তুলি চালে আৰু তাইৰ ডিঙিৰ পিছফালটো দেখিলে, যিফালে চুলিবোৰ ল’ৰাৰ দৰে চুটিকৈ কটা আছিল।
"তুমি যেনেকৈ আছা, তেনেকৈয়ে মোৰ নয়ন জুৰায়।"
"কিন্তু মই এই চুটি চুলিক লৈ আমনি পাইছো," তাই অভিমানী সুৰেৰে ক’লে। "ল’ৰাৰ দৰে দেখাত মোৰ নিজৰে বেয়া লগা হৈছে।"
জৰ্জে শয্যাত নিজৰ গাটো অলপ লৰচৰ কৰিলে। তাই কথা ক’বলৈ আৰম্ভ কৰাৰে পৰা তেওঁ তাইৰ অনন্য সৌন্দৰ্যৰ পৰা চকু আঁতৰোৱা নাছিল।
"তোমাক সঁচাকৈয়ে অপূৰ্ব ধুনীয়া লাগিছে," তেওঁ প্ৰশংসা কৰিলে।
তাই দাপোণখন মেজৰ ওপৰত থৈ খিৰিকীৰ কাষলৈ গ’ল আৰু নীৰৱে বাহিৰলৈ চালে। লাহে লাহে গধূলিৰ আন্ধাৰ নামি আহিছিল।
"মই মোৰ চুলিখিনি পিছলৈ পৰাকৈ মিহি কৰিব খোজো আৰু পিছফালে এটা ডাঙৰ খোপা বান্ধিব খোজো," তাই ক’লে। "মই এটা সৰু মেকুৰী পোৱালী বিচাৰো যি মোৰ কোলাত বহিব আৰু মই মৰম কৰিলে সেই মৰমৰ গুণগুণনি তুলিব।"
"হয় নেকি?" শয্যাৰ পৰাই জৰ্জে অলস সুৰেৰে ক’লে।
"আৰু মই সুন্দৰকৈ সজোৱা মেজত ৰূপৰ পাত্ৰত আহাৰ গ্ৰহণ কৰিব বিচাৰো, তাত প্ৰজ্জ্বলিত মমৰ শিখা থাকিব। মই বিচাৰোঁ এতিয়াই বসন্তৰ আগমন হওক, মই দাপোণৰ সন্মুখত বহি মোৰ দীঘল চুলি ফণিয়াব বিচাৰো, আৰু মোক নতুন কাপোৰৰ বৰ প্ৰয়োজন।"
"বাৰু, এতিয়া মনে মনে থাকা আৰু মোক পঢ়িবলৈ দিয়া," জৰ্জে ক’লে। তেওঁ আকৌ নিজৰ কিতাপৰ জগতখনত হেৰাই গ’ল।
তেওঁৰ পত্নীয়ে খিৰিকীৰ বাহিৰৰ তিমিৰাচ্ছন্ন জগতখনলৈ চাই আছিল। এতিয়া চাৰিওফালে অন্ধকাৰ ঘনীভূত হৈছিল আৰু তাল গছবোৰৰ পাতত বৰষুণৰ টোপালবোৰ অবিৰতভাৱে আস্ফালিত হৈ আছিল।
"যিয়েই নহওক, মই এটা মেকুৰী বিচাৰো," তাই দৃঢ়তাৰে ক’লে, "মই এটা মেকুৰী বিচাৰো। মই এই মুহূৰ্ততে এটা মেকুৰী বিচাৰোঁ। যদি মই মোৰ চুলিখিনি দীঘল কৰিব নোৱাৰো বা জীৱনৰ আনন্দ উপভোগ কৰিব নোৱাৰো, মই অন্ততঃ মেকুৰী পোৱালী এটাটো পাবই পাৰো!"
জৰ্জে তাইৰ কথালৈ কৰ্ণপাত কৰা নাছিল। তেওঁ নিজৰ কিতাপখন পঢ়াত বিভোৰ আছিল। তেওঁৰ পত্নীয়ে খিৰিকীৰ বাহিৰলৈ চালে য’ত নিশাৰ লগে লগে প্ৰাংগণত কৃত্ৰিম পোহৰবোৰ জ্বলি উঠিছিল।
হঠাত কোনোবাই দুৱাৰত মৃদু টোকৰ মাৰিলে।
"ভিতৰলৈ আহক," জৰ্জে কিতাপখনৰ পৰা মূৰ তুলি ক’লে।
দুৱাৰমুখত সেই পৰিচাৰিকাগৰাকী থিয় হৈ আছিল। তাই এটা ডাঙৰ চিত্ৰ-বিচিত্ৰ বৰণৰ মেকুৰী নিজৰ বুকুৰ মাজত অতি সযতনে সাৱটি ধৰি আছিল।
"ক্ষমা কৰিব," তাই বিনম্ৰতাৰে ক’লে, "হোটেলৰ গৰাকীজনে এইটো আইদেউৰ বাবে পঠিয়াইছে।"