এজাথথ (Azathoth)

এজাথথ (Azathoth)

এজাথথ 

মূল : হৱাৰ্ড ফিলিপছ লভক্ৰাফ্ট
অনুবাদ : প্ৰিয়ানুজ কলিতা 

যেতিয়া এই ধৰিত্ৰীৰ বুকুত বাৰ্ধক্যৰ কৰুণ ছাঁ নামি আহিছিল, আৰু মানৱ মনৰ পৰা হেৰাই গৈছিল অপূৰ্ব বিস্ময়ৰ অনুভূতি; যেতিয়া নীলাকাশ ধূসৰ কৰি ধোঁৱাময় চহৰবোৰৰ ওখ ওখ দুৰ্গবোৰে এক কৰাল আৰু কুৎসিত ৰূপ ধাৰণ কৰিছিল, যাৰ ছায়াঘন তমিস্ৰাত কোনেও কেতিয়াও তপ্ত সূৰ্যৰ কিৰণ বা বসন্তৰ ফুল থোপাথোপে ফুলা উপত্যকাৰ সপোন দেখিব পৰা নাছিল; যেতিয়া শুষ্ক জ্ঞানে এই ধৰালৈ আনিছিল এক নিদাৰণ ৰিক্ততা, কাঢ়ি লৈছিল ধৰিত্ৰীৰ মনমোহা সৌন্দৰ্যৰ আৱৰণ, আৰু কবিসকলে ঘোলা তথা অন্তৰ্মুখী চকুৰে দেখা সেই মায়াবী  ভূতবোৰৰ বন্দনা গাবলৈ চিৰদিনলৈ এৰি দিছিল; যেতিয়া এই সকলোবোৰ ম্লান ঘটনা থূপ খাইছিলহি, আৰু শৈশৱৰ নিষ্পাপ আশাবোৰ চিৰকাললৈ বিলীন হৈ গৈছিল, ঠিক তেনে এক সন্ধিক্ষণতে ধৰাত মাত্ৰ এজন এনে পথিক আছিল, যিয়ে এই নশ্বৰ জীৱনৰ কোলাহলৰ পৰা আঁতৰি এক অজান মহাকাশৰ সন্ধানত যাত্ৰা কৰিছিল; য’ত এই ধৰাৰ সমস্ত হেৰাই যোৱা সপোনবোৰে নিৰ্বাসন লৈছিল।

সেই নিঃসংগ পথিকজনৰ নাম আৰু বাসস্থানৰ বিষয়ে ইতিহাসৰ বুকুত বৰ কমেইহে লিপিৱদ্ধ হৈ ৰৈছে, কিয়নো সেই সকলোবোৰ আছিল মাথোঁ এই সাৰ পাই থকা স্থূল পৃথিৱীৰে অংশ; তথাপিও লোকমুখে ক’ব খোজে যে তেওঁৰ পৰিচয় আৰু ঠিকনা দুয়োটাই আছিল তেনেই কুঁৱলীসনা আৰু অস্পষ্ট। ইয়াকে ক’বলৈ যথেষ্ট হ’ব যে তেওঁ প্ৰাচীৰেৰে আবৃত ওখ ওখ দেৱালৰ এক চহৰত বাস কৰিছিল, য’ত এক নিস্প্ৰাণ, বন্ধ্যা গধূলিয়ে চিৰকাল ৰাজত্ব কৰিছিল; আৰু তেওঁ দিনটো ছাঁ আৰু কোলাহলৰ কোলাত কঠোৰ পৰিশ্ৰম কৰিছিল। সন্ধিয়া হ’লে তেওঁ ঘৰলৈ উভতি এনে এক কোঠাত আশ্ৰয় লৈছিল, যাৰ একমাত্ৰ খিৰিকীখন কোনো সুবাসিত সেউজ পথাৰ বা লতা-কুঞ্জৰ দিশে মুকলি হোৱা নাছিল, বৰঞ্চ খোল খাইছিল এক বিষণ্ণ, ধূসৰ চোতালৰ পিনে, য’ত চুবুৰীয়াৰ আন আন খিৰিকীবোৰে নিৰাশ মনেৰে এক দৃষ্টিৰে চাই ৰৈছিল। সেই বাতায়নৰ পৰা কেৱল দেৱাল আৰু খিৰিকীৰ যান্ত্ৰিক কায়াহে দৃশ্যমান হৈছিল, অৱশ্যে কেতিয়াবা কোনোবাই ব্যগ্ৰতাৰে বহুদূৰলৈ মূৰ দোঁৱাই আকাশৰ বুকুৰে পাৰ হৈ যোৱা ক্ষুদ্ৰ তৰাবোৰলৈ পলকহীন চকুৰে চাই পঠিয়ালে কাহিনী কিছু ভিন্ন হৈছিল। যিহেতু মাথোঁ নীৰস দেৱাল আৰু খিৰিকীৰ এই কাৰাগাৰে এজন সপোন বিভোৰ আৰু অধ্যয়নশীল মানুহক অতি সোনকালেই উন্মাদনাৰ দিশে ঠেলি দিব পাৰে, সেয়েহে সেই নিসংগ কোঠাটোৰ বাসিন্দা জনে প্ৰতি নিশাই খিৰিকীৰ বাহিৰলৈ চকু মেলি সাৰ পাই থকা পৃথিৱী আৰু ওখ চহৰবোৰৰ সিপাৰৰ কোনো অলৌকিক জগতৰ খণ্ড-চিত্ৰ দৰ্শনৰ আশাত আকাশৰ পিনে ব্যাকুলতাৰে চাই ৰৈছিল। বছৰ বছৰ ধৰি তেওঁ আকাশৰ সেই ধীৰ গতিৰ তাৰকাবোৰক আপোন নামেৰে মাতিবলৈ ধৰিলে, আৰু সিহঁত চকুৰ আঁৰ হৈ যোৱাৰ সময়ত এক কৰুণ হেঁপাহেৰে কল্পনাৰ পাখি মেলি সেইবোৰক অনুসৰণ কৰিবলৈ ল’লে; অৱশেষত তেওঁৰ অন্তৰ্দৃষ্টি এনে বহুতো ৰহস্যময়, গোপন দৃশ্যৰ দিশে উন্মোচিত হৈ পৰিল, যাৰ অস্তিত্বৰ কথা কোনো সাধাৰণ চকুৱে কেতিয়াও কল্পনাও কৰিব পৰা নাছিল। আৰু অৱশেষত এক মাহেন্দ্ৰ নিশাত এক বিশাল, অনন্ত জলধিৰ ওপৰত যেন অদৃশ্য সেতু গঢ়ি উঠিল; সপোনে খেদি ফুৰা সেই মায়াবী আকাশখন লাহে লাহে তললৈ নামি আহিল আৰু সেই নিসংগ দৰ্শকজনৰ খিৰিকীৰ সৈতে একাত্ম হৈ বিলীন হৈ গ’ল, যাতে তেওঁৰ কোঠাৰ নিবিড় বতাহজাকৰ সৈতে মিলি তেওঁক সেই অপাৰ, অলৌকিক বিস্ময়ৰ এক চিৰন্তন অংশ কৰি তুলিব পাৰে।

তেতিয়াই সেই কোঠাটোলৈ বৈ আহিল সোণালী ধূলিকণাৰে জিলিকি থকা বেঙুনীয়া মাজনিশাৰ এক অপূৰ্ব বন্য সোঁত, যিবোৰ মহাবিশ্বৰ চৰম সীমাৰ পৰা ঘূৰ্ণীবতাহৰ দৰে ধূলি আৰু অগ্নিশিখা হৈ উৰি আহিছিল আৰু কঢ়িয়াই আনিছিল এই জগতৰ সিপাৰৰ পৰা অহা এক তীব্ৰ, মাদকতাপূৰ্ণ সুগন্ধি। আফিমৰ দৰে নিচাযুক্ত মায়াবী মহাসাগৰবোৰ যেন তাত বোৱাই দিয়া হৈছিল, যিবোৰ উদ্ভাষিত হৈছিল এনে এক অলৌকিক  কিৰণত যাক মানুহৰ চকুৱে কাহানিও দেখা নাই; আৰু যাৰ গভীৰ ঘূৰ্ণীবতাহৰ বুকুত সাঁতুৰি ফুৰিছিল বিস্মৃত গভীৰতাৰ অনিন্দ্যসুন্দৰ ডলফিন আৰু অপ্সৰাসদৃশ জলপৰীসমূহ। এক শব্দহীন, অনন্ত শূন্যতাই সেই স্বপ্নদ্ৰষ্টাজনক আলফুলে আৱৰি ধৰিলে আৰু তেওঁক সেই অকলশৰীয়া খিৰিকীখনৰ পৰা আড়ষ্টভাৱে হালি থকা মৰ্ত্যৰ শৰীৰটোক স্পৰ্শ নকৰাকৈয়ে বহু দূৰলৈ উৰুৱাই লৈ গ’ল; আৰু মানুহৰ কোনো দিনপঞ্জীতে স্থান নোপোৱা অগণন দিন ধৰি, সুদূৰ গোলকবোৰৰ জোৱাৰে তেওঁক অতীব যতনেৰে কঢ়িয়াই লৈ গ’ল, যাতে তেওঁ এক মনোৰম সেউজীয়া সূৰ্যোদয়ৰ পাৰত মিলিত হ’ব পাৰে; বিসপ্ৰসূনৰ মধুৰ সুবাসেৰে মলমলাই থকা আৰু ৰক্তিম কামলেটেৰে তৰাভৰা আকাশৰ দৰে জিলিকি থকা অপূৰ্ব সেউজীয়া তীৰ এটিত তেওঁক এক চিৰন্তন, মৃদু টোপনিৰ কোলাত এৰি থৈ গ’ল...