অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱৰ বিয়োগত অসম এছোচিয়েছন, দিল্লীৰ শোকপ্ৰস্তাৱ
Assam Association Delhi , Tarun Gogoi , Condolence
শোকপ্ৰস্তাৱ অসমৰ স্বনামধন্য প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এগৰাকী মানৱদৰদী জনপ্ৰিয় নেতা শ্ৰীতৰুণ গগৈদেৱৰ বিগত ২৩ নৱেম্বৰ ২০২০ তাৰিখে দেহাৱসান ঘটাত সমগ্ৰ অসমবাসীৰ লগতে আমাৰ দিল্লীবাসী অসমীয়া সমাজখনো দুখত ম্ৰিয়মান হৈ পৰিছে। দিল্লীৰ অসমীয়া সমাজখনৰ প্ৰতিনিধিত্ব কৰা অসম এছোচিয়েছন, দিল্লীৰ এগৰাকী সভাপতিৰূপেও এ
শোকপ্ৰস্তাৱ
অসমৰ স্বনামধন্য প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এগৰাকী মানৱদৰদী জনপ্ৰিয় নেতা শ্ৰীতৰুণ গগৈদেৱৰ বিগত ২৩ নৱেম্বৰ ২০২০ তাৰিখে দেহাৱসান ঘটাত সমগ্ৰ অসমবাসীৰ লগতে আমাৰ দিল্লীবাসী অসমীয়া সমাজখনো দুখত ম্ৰিয়মান হৈ পৰিছে। দিল্লীৰ অসমীয়া সমাজখনৰ প্ৰতিনিধিত্ব কৰা অসম এছোচিয়েছন, দিল্লীৰ এগৰাকী সভাপতিৰূপেও একালত সফলতাৰে সক্ৰিয় ভূমিকা লৈ প্ৰয়াত গগৈদেৱে আমাৰ সবাৰে মন জয় কৰি থৈছে। তেখেতৰ বিয়োগত আমি আজি ২৫/১১/২০২০ তাৰিখে এছোচিয়েছনৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু বিদেহ আত্মাৰ সদগতি কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে এই দুখৰ সমভাগী হৈ তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।
অঞ্জলী বৰুৱা
সভানেত্ৰী,
অসম এছোচিয়েছন, দিল্লী
২৫/১১/২০২০