Ms. Monikha Chutia
Academician
Places
- Place of birth
- Gogamulkh, AS, India
- Original home
- ১ নং লঠিয়া, village 1 No Lothia, North Lakhimpur, Gogamukh, AS, 787034, India
- Present address
- JNU University, New Delhi, DL, India
- Workplace
- JNU, JNU University, New Delhi, DL, 110067, India
Work
- Present work
- JNU
- Designation
- Phd scholar
- Also works in
- Author /Writer, Editor, Phd scholar/ researcher
Education
- Qualification
- MPhil and Pursing PHd in JNU
- Institute
- JNU - Delhi; Rajiv Gandhi Central University Arunachal Pradesh; Cotton College Guwahati; North Lakhimpur College -Assam
Profile
Life journey
মই অসমৰ গোগামুখৰ এখন ভিতৰুৱা গাওঁ ১ নং লঠিয়াৰ ছোৱালী৷মই স্কুলত থকাৰ দিনৰে পৰাই লেখা মেলা কৰিছোঁ আৰু লেখাৰ মাজেদি মই নিজক বিচাৰি পাওঁ৷এটা জীৱন পাওঁ ৷ ভাল লাগে লেখা মেলা কৰি মোৰ৷লেখা মেলা কৰি ভালপাওঁ বাবে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়তো মই অসমীয়া ছাত্ৰছাত্ৰীৰ বাবে আৰু অসমীয়া ৰাইজৰ বাবে যি কৰিব লাগে কৰিছোঁ৷মই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ২০২৩-২৪ ৰ অসম শিক্ষাৰ্থী গোটৰ ৰাজ্যিক প্ৰতিনিধি (State representative) পদত আছিলো৷ মই বৰ্তমানৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অসম সাহিত্য সভা শাখাৰো আলোচনী সম্পাদিকা৷ আমাৰ আলোচনী “ সাম্প্ৰতিক” ৰ প্ৰথম সংখ্যা এতিয়া প্ৰকাশৰ বাটত৷ মই দিল্লীৰ অসমীয়া ৰাইজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰো সদস্য হিচাপে কাম কৰিছোঁ ,অংশগ্ৰহণ কৰিছোঁ৷ ৰীতা চৌধুৰী বাইদেউৰ সৈতে অসমীয়া ছাত্ৰছাত্ৰী হিচাপে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শিক্ষাৰ্থী অনুষ্ঠান ৰ আয়োজন ও কৰিছোঁ৷এইবাৰৰ ব্ৰক্ষ্মপুত্ৰ সাহিত্য উৎসৱটো সদস্য হিচাপে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰিছোঁ৷ মই গোগামুখৰ এখন সৰু ভিতৰুৱা গাৱঁৰ পৰা আহি কটন বিশ্ববিদ্যালয়ত পঢ়াশুনা কৰি আজি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত পিএইচডি কৰি আছো “অসমৰ বানপানী আৰু পৰিৱেশ সম্বন্ধীয় বিষয়ত”৷ নিজে বানপীড়িত অঞ্চলত ডাঙৰ দীঘল হোৱা বাবে এই বিষয়ত গৱেষণা কৰাৰ হেপাঁহ এটি মনত পুহি ৰাখিছিলোঁ৷ মই আনকি ৰাজীৱ গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যালয়,অৰুণাচল প্ৰদেশৰ পৰাও M.phil গৱেষণা কৰিছিলো “অসমৰ নাগৰিকত্ব সংশোধনী আইন আৰু ইয়াৰ ৰাজনৈতিক প্ৰভাৱ সম্পৰ্কীয় বিষয়ত” ৷আৰু তাৰ পৰাই মই এম ফিল ডিগ্ৰী গ্ৰহণ কৰিছোঁ৷
Area of expertise
Literature, Arts, Community
Extra-curricular
মই স্কুলীয়া শিক্ষাৰ দিনৰ পৰাই অসমৰ বিভিন্ন কাকত আলোচনী ত গল্প,প্ৰবন্ধ,কবিতা আদি প্ৰকাশ কৰি আহিছো৷ ইয়াৰোপৰি ও নৰ্থ লখিমপুৰ কলেজত উচ্চতৰ মাধ্যমিক বৰ্ষত শিক্ষাগ্ৰহণ কৰি থকা সময়ত ও বিভিন্ন কাকত আলোচনী আৰু বিষয়ত লেখামেলা কৰিছোঁ৷ সময়ে সময়ে কটনত পঢ়া দিনৰে পৰাই আমাৰ অসম কে ধৰি ৰাষ্ট্ৰীয়,আন্তৰাষ্ট্ৰীয় বিষয়ত অসমৰ বিভিন্ন বাতৰিকাকত আৰু অসমীয়া প্ৰত্ৰিকা সাতসৰী ,গৰীয়সী আৰু অন্যান্য আলোচনীত প্ৰবন্ধ প্ৰকাশ কৰিছোঁ৷ বৰ্তমান সময়টো গৱেষণাৰ মাজেদি বিভিন্ন ৰাজনৈতিক,সামাজিক বিষয় সমূহৰ ওপৰত লেখা মেলা কৰোঁ৷ “মণিপুৰৰ নৃগোষ্ঠীয় বিবাদ” আৰু “হিজাব বিতৰ্ক ”ৰ ওপৰত বহু চৰ্চিত প্ৰবন্ধ লিখিছো সাতসৰী আলোচনীত৷
Awards
কটন বিশ্ববিদ্যালয়ৰ বছৰেকীয়া সাহিত্য প্ৰতিযোগিতাৰ অসমীয়া ৰচনাৰ শিতানত দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগীৰ খিতাপ ও লাভ কৰিছিলো৷ মই কটন বিশ্ববিদ্যালয়ৰ অসমীয়া ভাষা সাহিত্যৰ নবীন গোটৰ ও সদস্য আছিলো ৷ কটন বিশ্ববিদ্যালয়ৰ পদ্মশ্ৰী নলিনীবালা দেৱী ছাত্ৰী নিৱাসৰ বছৰেকীয়া আলোচনীৰ সম্পাদৰ কাম ও কৰিছিলোঁ৷
Present / retired activities
Pursuing Phd in JNU আজি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত পিএইচডি কৰি আছো “অসমৰ বানপানী আৰু পৰিৱেশ সম্বন্ধীয় বিষয়ত"
Hobbies
- Art
- Editing
- Literature
- Reading
- Social Work
Contact details (email / phone) not shown on this public page.