মঙ্গোলীয় লোকবিশ্বাস: পূৰ্বপুৰুষলৈ পুণ্যাৰ্থে স্মৃতি-শ্ৰদ্ধা-তৰ্পণ
বিশ্বত মংগোলীয়, আৰ্য বা ককেচীয়, নিগ্ৰো আদি কেইবা প্ৰকাৰৰ মানৱ জাতি (Human races) (আছে৷ তেওঁলোকৰ প্ৰত্যেকৰে জাতিগত স্বভাৱ-চৰিত্ৰ, ভাৱ-ভাষা, ধ্যান-ধাৰণা, লোকবিশ্বাস, লোকাচাৰ, খাদ্যাভ্যাস, বাসস্থান, সাজপাৰ, চলন-ফুৰণ আদি বৈশিষ্ট্যসমূহ ভৌগোলিক পৰিৱেশ, সামাজিক পৰিস্থিতি সাপেক্ষে গঢ় লৈ- উঠিছে৷ এইবোৰ কলা-সাহিত্য, সংস্কৃতি-সভ্যতা, প্ৰশাসন-সমাজ ব্যৱস্থাত প্ৰতিফলন হৈছে৷ মানৱ জাতি কেইটাৰ শাখা-প্ৰশাখাই বৰ্তমান কালত কেউখন মহাদেশৰ দেশ-প্ৰদেশত বিয়পি পৰিছে৷ এওঁলোকৰ মাজত আদান-প্ৰদান হৈছে৷ নতুনকৈ জাতি-উপজাতিৰো